Local, Vocal, Global

KTUৰ আঠজন উগ্ৰপন্থীৰ আত্মসমৰ্পণ

নিউজ ডেস্ক, ২০ আগষ্ট : কুকি ট্ৰাইবেল ইউনিয়নৰ (Kuki Revolutionary Army, KRA) আঠজন উগ্ৰপন্থীয়ে ডিমা হাচাও (Dima Hasao) জিলাৰ চৰকাৰী বাগেনত (Sarkari Bagain) অসম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পণ কৰে।

অসম ৰাইফলছৰ মতে, KTU উগ্ৰপন্থীসকল উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা ধন দাবীকে ধৰি হিংসাত্মক কাৰ্যকলাপত জড়িত আছিল।

জানিব পৰা অনুসৰি, আঠজন কেডাৰ উগ্ৰপন্থী গোট কুকি ৰিভলিউচনৰী আৰ্মী (KRA)ৰ ভাঙি যোৱা সদস্য আছিল আৰু যোৱা বছৰ KTUত যোগদান কৰিছিল।

উল্লেখ্য যে, উগ্ৰপন্থীসকল NSCN-IM ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু তেওঁলোকৰ শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আহিছিল।

পিছত, তেওঁলোকক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে হাফলং আৰক্ষী থানালৈ প্ৰেৰণ কৰা হয়।