আজি পবিত্ৰ ঈদ-উজ-জোহা, বিশ্বজুৰি উদযাপন পবিত্ৰ ঈদ-উজ-জোহা

আজি পবিত্ৰ ঈদ-উজ-জোহা। কাল কৰ’নাৰ সংহাৰৰ মাজতে বিশ্বজুৰি উদযাপন পবিত্ৰ ঈদ-উজ-জোহা। অসমতো ইছলাম ধৰ্মালম্বীৰ লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উজ-জোহা। বিগত বৰ্ষৰ দৰে এইবেলি নাই উছাহ-উদ্দীপনা। ৰাজ্যত সামাজিক দুৰত্ব বৰ্তাই ৰাখি প্ৰশাসনৰ নীতি-নিয়ম পালন কৰি উদযাপন পবিত্ৰ ঈদ-উজ-জোহা। বিগত বৰ্ষসমুহৰ দৰে নাই সমুহীয়া নামাজ। ইয়াৰ পৰিবৰ্তে ৫ গৰাকী বা তাতকোকৈ কম লোক ঘৰত বা মছজিদত পঢ়িছে ঈদৰ নামাজ।
পবিত্ৰ ঈদ-উজ-জোহাৰ পবিত্ৰ ক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতেই মহানগৰীৰ সাতগাঁওস্থিত ৰাজহুৱা মছজিদ চৌহদত সমূহীয়া নামাজৰ পৰিবৰ্তে ৫গৰাকীকৈ লোকে পঢ়ে ঈদৰ নামাজ। সম্প্ৰতি কৰ’না আতংকৰ মাজতেই প্ৰশাসনৰ নীতি-নিৰ্দেশনা পালন কৰি পঢ়ে নামাজ। নামাজৰ অন্তত মছজিদৰ ইমাম গৰাকীয়ে বিশ্ব শান্তিৰ লগতে পুনৰ পূৰ্বৰ দিন ঘূৰাই অনাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে বুলি প্ৰকাশ কৰে।