কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ভাৰতৰ যুৱ মনক শক্তিশালী কৰাৰ অৰ্থে ঘোষণা কৰিছে এক বিশেষ আঁচনি
স্বাধীনতাৰ ৭৫ বৰ্ষৰ স্মৰণত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ভাৰতৰ যুৱ মনক শক্তিশালী কৰাৰ অৰ্থে ঘোষণা কৰিছে এক বিশেষ আঁচনি।
নতুনকৈ আৰম্ভ কৰা এই আঁচনি মূলতঃ নতুন লেখকসকলক উৎসাহিত কৰাৰ বাবে।এই আঁচনিত ৩০ বছৰৰ তলৰ নতুন লেখকে অংশ ল’ব পাৰিব।
তেওঁলোক বিভিন্ন বিষয়ত যেনে কল্পকাহিনী, প্ৰবন্ধ, ভ্ৰমণকাহিনী, স্মৃতিগ্ৰন্থ, নাটক, কবিতা আদি লিখাত দক্ষ হ’ব লাগিব।সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ জৰিয়তে নেচনেল বুক ট্ৰাষ্টৰ দ্বাৰা গঠন কৰিব লগা এখন সমিতিৰ দ্বাৰা মুঠ ৭৫গৰাকী লেখকক বাছনি কৰা হ’ব।
প্ৰতিযোগীসকলে পৰামৰ্শ আঁচনিৰ অধীনত তেওঁলোকৰ দক্ষতাৰ প্ৰমাণ হিচাপে ৫০০০ শব্দৰ গ্ৰন্থৰ পাণ্ডুলিপি দাখিল কৰিব লাগিব।প্ৰতিযোগিতাখন mygov.in পৰ্টেলত আয়োজন কৰা হৈছে।ইয়াত অংশ ল’বলৈ mygov.in ভিজিট কৰিব লাগিব।৪ জুনৰ পৰা আৰম্ভ কৰা এই প্ৰতিযোগিতা ৩১ জুলাইলৈকে চলিব। নিৰ্বাচিত লেখকসকলৰ নাম ২০২১ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস দিনা ঘোষণা কৰা হ’ব।