Local, Vocal, Global

আগষ্টৰ প্ৰথম সপ্তাহত মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ’ব

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ আজি ‘জনতা ভৱন’ত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক ৷ স্বাস্থ্য বিভাগৰ পৰামৰ্শ মানি এই বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ জুলাইলৈকে কোনো পৰীক্ষা অনুষ্ঠিত নহয়। আগষ্টৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ লগতে ৩ দিনৰ ভিতৰত মেট্ৰিক পৰীক্ষা শেষ কৰাৰ পৰামৰ্শ গ্ৰহণ কৰা হয়। শিক্ষাৰ্থীয়ে অনুষ্ঠিত পৰীক্ষাৰ যিটো বিষয়ত সৰ্বোচ্চ নম্বৰ পাব, সেয়া বাকী থকা বিষয়ৰ নম্বৰ হ’ব। যিকোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰি হ’লেও মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ’বই। লগতে ৫ ছেপ্টেম্বৰৰ ভিতৰত শেষ কৰিব লাগিব পৰীক্ষাৰ সকলো ব্যৱস্থা।
লগতে পৰীক্ষাৰ সৈতে জড়িত সকলোকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে৷ ‘ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হ’লেহে পৰীক্ষা পতাৰ পোষকতা কৰে শিক্ষামন্ত্ৰীয়ে’ – এই মন্তব্য ‘আছু’ৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ৷