Local, Vocal, Global

বিপদৰ পিছত বিপদ! ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

বিপদৰ পিছত বিপদ। কাল কৰ’নাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। সোমবাৰে নিশা ১.২৮ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। জানিব পৰা অনুসৰি ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৪ ৰিখটাৰ স্কেল। ভূমিকম্পৰ অভিকেন্দ্ৰ হাজোৰ পৰা ২২ কিঃমিঃ উত্তৰ-পশ্চিম, বৰপেটাৰ পৰা ২০ কিলোমিটাৰ আৰু গুৱাহাটী পৰা ৪৪ কিলোমিটাৰ নিলগত।

উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি উত্তৰ-পূৱত কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে অসম। মিজোৰামতো দেওবাৰে অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।