Local, Vocal, Global

ভূমিকম্পই জোকাৰি গ’ল পাকিস্তান-আফগানিস্তান

ডিজেটেল ডেস্ক:- মঙলবাৰে নিশা ভূমিকম্পই জোকাৰি গ’ল পাকিস্তানৰ কিছু অংশ।দেশখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮।ভূমিকম্পৰ ফলত আতংকৰ পৰিৱেশ সৃষ্টি হয় আৰু বহুলোকে ঘৰ এৰি পলাই যোৱা বুলি জানিব পৰা গৈছে।ভূমিকম্পটোৰ ভূগৰ্ভৰ ১৮০ কিলোমিটাৰ গভীৰতা বুলি জানিব পৰা গৈছে।

ভূমিকম্প ফলত এতিয়ালৈ ১৩ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।ইছলামাবাদ,পেছাৱাৰ,চাৰচাদ্দা,লাহোৰ আৰু ৰাৱালপিণ্ডিকে ধৰি বিভিন্ন চহৰত কম্পন অনুভৱ হয়।পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ মতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ হিন্দুকুশ অঞ্চল।