হৃদয় বিদাৰক ঘটনা!

মানৱতাক জোকাৰি যোৱা আন এক হৃদয় বিদাৰক ঘটনা। ৰাজ্যত পুনৰ কুলাংগাৰ পুত্ৰৰ অত্যাচাৰৰ বলি পিতৃ-মাতৃ। এইবাৰ ঘটনাৰ স্থান দুলীয়াজানৰ কমলাবাৰী। সম্পত্তিৰ লোভত পিতৃ-মাতৃক প্ৰহাৰ কৰিলে কুলাংগাৰ পুত্ৰই। পুত্ৰৰ অত্যাচাৰত গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে পিতৃ-মাতৃ। পুত্ৰৰ অত্যাচাৰৰ বাবে সম্প্ৰতি দুৰ্ভগীয়া পিতৃ-মাতৃয়ে এৰি যাব লগা হৈছে নিজৰ আপোন ঘৰখন।
উল্লেখ্য যে, দুলীয়াজানৰ কমলাবাৰীৰ ১ নং ধুবিঘাটৰ অৱসৰপ্ৰাপ্ত OILৰ কৰ্মচাৰী ৰত্নেশ্বৰ চেতিয়া আৰু অনিমা চেতিয়াৰ একমাত্ৰ পুত্ৰ দ্বিপেন চেতিয়া। পিতৃৰ অৱসৰৰ সময়ত পোৱা সকলো টকা পইচা আত্মসাৎ কৰাৰ উপৰিও ঘৰখনৰ সকলো সম্পতি বিক্ৰী কৰিলে। আৰু পিতৃ-মাতৃয়ে যদিয়ে প্ৰশ্ন কৰে তেতিয়া পিতৃ-মাতৃক প্ৰহাৰ কৰে পুত্ৰ দ্বিপেনে।
কুলাংগাৰ পুত্ৰৰ অত্যাচাৰৰ সীমা পাৰ হৈ পুত্ৰই জন্মদাত্ৰী পিতৃ-মাতৃক প্ৰাণে মৰা ভাবুকিও প্ৰদান কৰে। পুত্ৰই ঘৰৰ ভেটি-মাটি বিক্ৰী নকৰিলে ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰো ভাবুকিও প্ৰদান কৰে। পুত্ৰৰ অত্যাচাৰত অতিস্থ্য হৈ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে জীয়ৰী গৃহত আশ্ৰয় লৈছে যদিও পুত্ৰই ফোন যোগে প্ৰদান কৰি আহিছে ভাবুকি।
অৱশেষত নিজ পুত্ৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি দুৰ্ভগীয়া ৰত্নেশ্বৰ চেতিয়া আৰু অনিমা চেতিয়াই কাষ চাপিছে আৰক্ষীৰ। পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কুলাংগাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।