গুৱাহাটী মহানগৰীত সুৰাত মাতাল চালকৰ অতপালি।

নিউজ ডেস্ক, ৫ জুন : শনিবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীত আন এটা হিট এণ্ড ৰান (Hit and Runs) কেছ সংঘটিত হয়।
গুৱাহাটী মহানগৰীৰ জি এছ ৰোডত (G S Road) কৰ্মৰত এজন শ্ৰমিকক চাৰিচকীয়া বাহনচলাই থকা এজন সুৰাসক্ত যুৱকে খুন্দা মাৰে। খবৰ অনুসৰি শ্ৰমিকজনে ৰাস্তাত বিদ্যুৎ বিভাগৰ পাইপ পুতি আছিল।
সুৰাপান কৰা চালকজনে শ্ৰমিকজনক খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল।
বাতৰি অনুসৰি, শ্ৰমিকসকলে সজ্জিত কৰা বেৰিকেডবোৰ বাহনখনে ভাঙি পেলাইছিল আৰু তাৰ পিছত এজন শ্ৰমিকক খুন্দা মাৰিছিল।
ইফালে, শ্ৰমিকজনক খুন্দা মৰাৰ আগতে গাড়ীখনে এখন দুচকীয়া বাহনকো খুন্দা মাৰে।
আঘাতপ্ৰাপ্ত শ্ৰমিকজনক গুলছান বুলি চিনাক্ত কৰা হৈছে। ঘটনাটোৰ ঠিক পিছতে, গুলছানক ১০৮ জৰুৰীকালীন সেৱাৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (GMCH) স্থানান্তৰ কৰা হয়।