Local, Vocal, Global

সৰুকণ আলীৰ ঘৰত উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ

নিউজ ডেস্ক: দৰং জিলাৰ ছিপাঝাৰৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীত ৰাইজে উদ্ধাৰ কৰিলে ২০ টাকৈ ব্ৰাউন চুগাৰৰ কন্টেইনাৰ।
সৰুকণ আলী নামৰ যুৱকজনৰ বাসগৃহত ৰাইজে উদ্ধাৰ কৰে ২০টাকৈ ব্ৰাউন চুগাৰৰ কন্টেইনাৰ। ড্ৰাগছ খাবলৈ চুৰি কাৰ্যত নমা এজন যুৱকৰ সহায়ত সৰুকণ আলীৰ বাসগৃহত উদ্ধাৰ কৰা হয় ব্ৰাউন চুগাৰৰ কন্টেইনাৰ। দিনৰ ১-৩০ বজাত ৰাইজ উপস্থিত হোৱাৰ সময়তে কৌশলেৰে পলায়ন কৰে সৰুকণ আলীয়ে।ঘটনাস্থলীত ছিপাঝাৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্যে জব্দ কৰিছে কন্টেইনাৰ কেইটা।
বৃহত্তৰ দুমুনিচকী অঞ্চলটোৰ পৰা ইয়াৰ পূৰ্বেও ৰাইজে ধৰি আৰক্ষীক সোধাই দিছিল দ্ৰাগছ সৰবৰাহকাৰী।
ইফালে অঞ্চলটোত দ্ৰাগছ আসক্ত যুৱকৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে সচেতন স্থানীয় ৰাইজ।