Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs : শোণিতপুৰৰ কেকোকলি গাঁৱত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক দুজন সৰবৰাহকাৰী

জামুগুৰিহাট,১০জুন : শোণিতপুৰৰ কেকোকলি গাঁৱত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ আটক দুজন সৰবৰাহকাৰী৷

শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত কেকোকলি গাঁৱত জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন ।

চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কেঁকোকলি গাঁৱৰ পৰা জব্দ কৰে হেৰ’ইনসহ দুজনক ।

আৰক্ষীৰ অভিযানকালত জব্দ ৪০ গ্ৰাম নিষিদ্ধ হেৰ’ইন(Drugs peddler arrested along with drugs)।

আটকাধীন লোক দুজন আজিবুৰ ৰহমান আৰু ফজৰ আলি বুলি জানিব পৰা গৈছে।

জব্দকৃত হেৰইন খিনিৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

লগতে পঢ়ক : WATCH | Road Accident : স্কুটি আৰোহীক মহতিয়াই নিলে তীব্ৰবেগী ডাম্পাৰে