Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs: বাঘমাৰাচৰত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নগৰবেৰা,২৫মাৰ্চ : বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বাঘমাৰাচৰত আৰক্ষীয়ে নিশা অভিযান চলাই। অভিযানত ১২.৪১ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী বিষয়া দেৱাশিষ কাশ্যপৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে গাঁওখনৰ নজমুল হকৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰী নজমুল হকক হাতে-লোটে গ্ৰেপ্তাৰ কৰে(Drugs peddler arrested along with drugs)।

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জনা গৈছে। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহা ধৃত ব্যৱসায়ী নজমুল হকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে চৰাঞ্চলৰ ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে অঞ্চলবাসীয়ে।

লগতে পঢ়ক : Health Benefits of Bael : স্বাস্থ্যৰ পক্ষে বেল কিমান উপকাৰী আপুনি বাৰু জানেনে ?