Local, Vocal, Global

আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ

ডিজিটেল ডেস্ক:-গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ আন এক ৰহস্যৰ।ৰহস্যৰ পিছত ৰহস্যই আৱৰি ধৰিছে মহানগৰীৰ ডাবল মাৰ্ডাৰ কাণ্ডই।বন্দনাই কলিতাই অতি নৃশংসতাৰে হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক।গুৱাহাটীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে।ধন সম্পত্তিৰ লালসাই কিমান ভয়ংকৰ হ’ব পাৰে।তাৰে প্ৰমাণ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনা।বন্দনা কলিতাই কলিতাই অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক।হত্যা কৰাৰ পিছত মৃতদেহ কাটি টুকুৰা-টুকুৰ কৰি তিনিদিন ধৰি ফ্ৰীজত সুমুৱাই ৰাখিছিল।

বন্দনা কলিতাই অমৰজ্যোতি দেৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল। তাৰ পিছতে গম পাইছিল শংকৰি দেৰ সম্পত্তিৰ কথা। শংকৰি দে অগাধ সম্পত্তি দেখি অমৰক প্ৰেমৰ জালত পেলাইছিল বন্দনাই। প্ৰেমৰ জাল পেলোৱাৰ মূল কাৰণ আছিল শংকৰি দে পৰা সম্পত্তি নিজৰ নামত অনাৰ। অৱশেষত অমৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয় বন্দনা। শংকৰি দে পৰা সম্পত্তি নিজৰ নামত কেনেকৈ কৰিব পাৰি তাৰ বাবে আলোচনা কৰিছিল ধন্তি আৰু অৰূপৰ লগত।তাৰপিছতে আৰম্ভ হ’ল এই গা কঁপোৱা ভয়ংকৰ হত্যাকাণ্ডৰ ষড়ষন্ত্ৰ।পোহৰলৈ আহিছে বন্দনাৰ এটাৰ পিছত আন এটা নতুন তথ্য।