Local, Vocal, Global

মন্দিৰ – নামঘৰ নথকা এখন গাওঁ

ডবকাৰ এখন গাৱৰ ৰাইজে পূজা প্ৰাৰ্থনা কৰিবলৈ নাই কোনো মন্দিৰ ৷
এখন মন্দিৰৰ বাবে হাহাকাৰ ডবকাৰ আকাশী গংগা গাওঁ পঞ্চায়তৰ দীঘল জাৰুনি গাৱৰ ৰাইজ ৷
বৃহত্তৰ গাওঁ খনত পূজা কৰিবলৈ নাই কোনো নামঘৰ , মন্দিৰ ৷

অতি শীঘ্ৰে এখন মন্দিৰ যোগান ধৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা লৈ কাতৰ আহ্বান গাওঁ বাসীৰ ৷
দীঘল জাৰুনী গাওঁখনত বহু বছৰ পূৰ্বে এখন মন্দিৰ আছিল যদিওঁ বন্য হস্তীয়ে ভাঙি চুৰ মাৰ কৰে মন্দিৰ খন ৷
গাওঁ খনত বসবাস কৰা অতি দৰিদ্ৰ আদিবাসী লোক সকলে পূজা পাৰ্থনা কৰিবলৈ বৰ্তমান ৰাজ্য চৰকাৰৰ পৰা বিছাৰিছে এখন মন্দিৰ ৷

এতিয়া ৰাজ্য চৰকাৰে এই অসহায় লোক সকলৰ আবেদন গ্ৰহণ কৰিব নে নাই সেয়া সময়ত হব লক্ষনীয় ৷