Local, Vocal, Global

Do you want to be as beautiful as actress Kriti Sanon:আপুনি অভিনেত্ৰী কৃতি ছাননৰ দৰে সুন্দৰ চেহেৰাৰ গৰাকী হব বিচাৰে নেকি ?

২৩ জানুৱাৰী ৱেব ডেস্ক : নিজৰ শৰীৰটোৰ লগতে মুখৰ ছালখনক লৈ খুবেই সচেতন বলিউদৰ মোহময়ী অভিনেত্ৰী কৃতি ছানন(Kriti Sanon)। খাদ্য আৰু ব্যায়ামৰ প্ৰতি অতি সচেতন কৃতি ছানন। শেহতীয়াকৈ কেইবাটাও সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকী কৃতিয়ে উল্লেখ কৰিছে সৌন্দৰ্য আঁৰৰ কাহিনী ।নিজৰ ছালখনৰ বাবে ঘৰতে বনাই লয় মইশ্বৰাইজাৰ আৰু ট’নাৰ। যিমান ব্যস্ত থাকিলেও কেতবোৰ ঘৰুৱা উপাদানেৰে নিজৰ ছালৰ বাবে প্ৰস্তত কৰা এই ৰুটিনখন কেতিয়াও বিফল নহয়। সেইবাবে মেকআপ নকৰিলেও উজ্বল আৰু মসৃন দেখা যায় কৃতি ছাননৰ ছাল।নিজৰ শৰীৰটোৰ লগতে মুখৰ ছালখনক লৈ খুবেই সচেতন বলিউদৰ মোহময়ী অভিনেত্ৰী কৃতি ছানন(Kriti Sanon)। খাদ্য আৰু ব্যায়ামৰ প্ৰতি অতি সচেতন কৃতি ছানন।

১) বৰফৰ পানীঃ পুৱা শোৱাৰ পৰা উঠাৰ পাছতেই কুহুমীয়া গৰম পানী খায় কৃতিয়ে। ইয়াৰ পাছত ঠাণ্ডা পানীৰে মুখ খন ভালদৰে ধুই লয়। কোনো ধৰণৰ ব্যৱসায়িক ফেচৱাছ বা চাবোন ব্যৱহাৰ নকৰে কৃতিয়ে। তেওঁ কেৱল বৰফৰ পানীৰে মুখখন চাফা কৰে। বৰফৰ টুকুৰা এটা কোমল কপাহী কাপোৰেৰে মেৰিয়াই মুখখন ভালদৰে পৰিস্কাৰ কৰি লয়। এনে কৰিলে ছালৰ ছিদ্ৰত জমা হোৱা ধূলি আৰু মলি সহজে আতঁৰাই পেলোৱা হয়।

ডিটচ্ মাস্ক (Detoxifying Peel off Mask): কৃতিয়ে ফেচ মাস্ক ব্যৱহাৰ কৰে যিয়ে তেওঁৰ চালখন আৰ্দ্ৰ কৰি ৰাখে। ঘৰতে প্ৰস্তত কৰা হয় এই মাস্ক। সাধাৰণতে অটমিল আৰু দৈ, কল আৰু দৈ, তিঁয়হ এলোভেৰাৰে তৈয়াৰী মাস্কেই পছন্দ কৃতিৰ। এনে ধৰণৰ মাস্কে ছালৰ স্বাভাৱিক আৰ্দ্ৰতা বজাই ৰাখে।

আয় পেট্চ্ মাস্ক (Eye Patch Mask):গোটেই দিনটো পৰিশ্ৰম কৰিলে বা ৰাতি ৰাতি শ্বুটিং কৰিলে মুখখন খুব ভাগৰুৱা যেন লাগে। চকুৰ তলত ক’লা চামনিও পৰে। গতিকে তেনে সমস্যাৰ পৰা হাত সাৰিবলৈ কৃতি প্ৰস্তুত কৰি লয় এটা Patch। গ্ৰীণ টি আৰু কেফেইনেৰে ঘৰতে প্ৰস্তুত কৰি লোৱা হয় এই পেটচ। চকুৰ তলত প্ৰায় ১৫ মিনিট লগাই কুহুমীয়া গৰম পানীৰে ধুই পেলাওক। চকুৰ গুৰি ক’লা পৰা সমস্যা দূৰ হৈ পৰিব।

ট’নাৰ (Toner): মাস্কখন ভালদৰে ধুই পেলোৱাৰ পাছত Toner ব্যৱহাৰ কৰক। এই Tonerও বনাই লওক ঘৰতেই। গ্লিচাৰিন আৰু গোলাপ জল একেলগে মিহলাই ছালত লগাওক। কৃতিৰ মতে ছালখন আৰ্দ্ৰ কৰি ৰখাৰ বাবে গ্লিচাৰিনৰ লগত কোনো তুলনা নাই। ইয়াৰ Antibacterial আৰু Anti Inflammatory গুণ আছে যিয়ে ছালৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে, ব্ৰুণ আৰু পিম্প্লছৰ সমস্যাৰ পৰাও উপশম পায়।

চেৰাম (Serum): ছালৰ বাবে Hyaluronic Acid আৰু Vitamin C থকা ছিৰাম (Serum) ব্যৱহাৰ কৰে। Toner লগোৱাৰ পাছত Serum ব্যৱহাৰ কৰিলে ছালখন অধিক উজ্বল হৈ পৰে।
ছানস্ক্ৰীণ (Sunscreen)- ছালৰ যত্নৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল ছানস্ক্ৰীণ। কৃতিয়ে কেতিয়াও ছানস্ক্ৰীণ লগাবলৈ নাপাহৰে। আনকি তেওঁ ঘৰতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰে।

লিপ বাম (Lip Balm): কৃতিয়ে সদায় ওঠ দুটি মসৃণ আৰু ডাঠ কৰি ৰাখিবলৈ লিপ বাম ব্যৱহাৰ কৰে। বাহিৰলৈ ওলাই গ’লেও সদায় Lip Balm বেগত লৈ যায়। ৰাতি শোৱাৰ আগত সদায় Lip Balm ওঠত লগাব লাগে।