দিছপুৰ মহাবিদ্যালয়ৰ চুৰি হোৱা ধন উদ্ধাৰ
নিউজ ডেস্ক, ১২ আগষ্ট : বৃহস্পতিবাৰে দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা চুৰি হোৱা ৭৬ লাখ টকাতকৈ অধিক মূল্যৰ ধন উদ্ধাৰ।
দিছপুৰ মহাবিদ্যালয়ে তিনিটা কিস্তিত মুঠ ৭৬,৩৪,৯০০ টকা উদ্ধাৰ কৰিছিল।
গুৱাহাটীস্থিত বেংক অফ বৰোদাৰ (Bank of Baroda) দিছপুৰ শাখাত থকা বেংক একাউণ্টৰ পৰা এপ্ৰিল মাহত চুৰি হৈছিল টকাখিনি। অৱশ্যে ঘটনাটো ২ মে’ত হে পোহৰলৈ আহিছিল।
খবৰ অনুসৰি, বেংক কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে সংঘটিত হৈছিল ঘটনাটো।
গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট চাইবাৰ অপৰাধীসকলে হেক কৰাৰ অভিযোগ আছে। চাইবাৰ চোৰে মহাবিদ্যালয়খনৰ বেংক একাউণ্টৰ পৰা ৭৬ লাখ টকাতকৈ অধিক মূল্যৰ ধন চুৰি কৰিছিল।
বাতৰি অনুসৰি, ধনখিনি বেংক অফ বৰোদাৰ দিছপুৰ শাখাৰ পৰা পশ্চিম বংগৰ বৰ্ণোগৰ শাখাৰ (Bornogor Branch) ইউনিয়ন বেংক অফ ইণ্ডিয়ালৈ ( Union Bank of India) স্থানান্তৰ হৈছিল।