Local, Vocal, Global

Digboi Road Accident : ডিগবৈত শোকাৱহ দুৰ্ঘটনা, নিহত ৪জন, আহত ১জন

ডিগবৈ, ১৬ জুন : এক মৰ্মান্তিক দুৰ্ঘটনা ! ডিগবৈত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Digboi)৷ বৃহস্পতিবাৰৰ মাজ নিশা তিনিচুকীয়া জিলাৰ ডিগবৈ গোলাইত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে , এখন বিলাসী বাহনে ডিগবৈৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাইৰ টাৰ্মিনেলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰা প্ৰত্য়ক্ষ কৰে স্থানীয় লোকে ।আৰু খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।নিশা প্ৰায় ১ বজাত ডিব্ৰুগড়ৰ পৰা বিয়া খাই লিডু অভিমুখে উভতি আহি আছিল ৫জন ব্যক্তি(Road Accident)।

স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি,নম্বৰপ্লেট বিহীন আছিল চাৰিচকীয়া বাহনখন । স্থানীয় ৰাইজে ঘটনাসন্দৰ্ভত ডিগবৈ আৰক্ষীক খবৰ কৰে আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত এগৰাকী মহিলা সহ চালক আৰু এজন লোক থিতাতে নিহত হয়। আৰু দুজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল যদিও ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত এজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত নিহত কেইজন ক্ৰমে জাগুণৰ অমৃত দত্ত, লিডু বজাৰৰ দিশা গুপে, সুভাষ গুপে আৰু সাধনা গুপে । আহত ৰতন গুপে বৰ্তমান ডিব্ৰুগড় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে । তাৰে দুগৰাকী মহিলাসহ তিনিজন পুৰুষ বুলি জানিব পৰা গৈছে (Road Accident in Digboi)।
দুৰ্ঘটনাত মৃত্যু ঘটা আটাইকেইজন লোক একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে ৷আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ডিগবৈ আৰক্ষীয়ে।

লগতে পঢ়ক : Kaliabor Road Accident : কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা