Local, Vocal, Global

ডিব্ৰুগড়ত স্থাপন ৰাজ্যৰ তৃতীয়টো প্লাজমা বেংক

AMCH-ত স্থাপন ৰাজ্যৰ তৃতীয়টো প্লাজমা বেংক। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ,মন্ত্ৰী কুমাৰ সঞ্জয় কৃষান, ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে উন্মোচন কৰে প্লাজমা বেংকটো। ডিব্ৰুগড় জিলাৰ প্ৰথমটো কৰ’না আক্ৰান্ত পৰিয়ালৰ দুগৰাকী সুস্থ হোৱা সদস্য প্ৰথমে দান কৰে প্লাজমা। ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকক প্লাজমা দান কৰিবলৈ আহ্বান জনায়। লগতে মন্তব্য কৰে যে এগৰাকী লোকে প্লাজমা দান কৰি দুগৰাকীৰ জীৱন ৰক্ষা কৰিব পাৰে।