Local, Vocal, Global

মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ দিনাই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সোণোৱাল

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।পুৱাই ডিব্ৰুগড়ৰ ঐতিহাসিক আউনীআটী শাখা সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল। চুৰিয়া-পাঞ্জাৱী পিন্ধি মুখত মাস্ক পৰিধান কৰি ঐতিহাসিক সত্ৰত সেৱা জনোৱাৰ পিছতে ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
২০২১ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত ক্ৰীড়া প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিবলৈ  বিষয়ববীয়াক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ অধীনত Emergency Credit Line Guarantee Schemeৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷