Local, Vocal, Global

পলাতক দিবন ডেকাৰ ক’লা অধ্যায়

প্ৰসংগঃ ৰাজ্যৰ সৰ্ববৃহৎ কেলেংকাৰি

কিছুদিন পূৰ্বৰ এটি ফেচবুক পোষ্ট৷ পোষ্টটোত লিখা আছিল- মই বিজেপিত ২৪ বছৰে কৰিছো৷ দল আৰু চৰকাৰক মই কেতিয়াও বিপদত পৰিব নিদিওঁ৷ যোৱা ২৯ ছেপ্টেম্বৰ তাৰিখে অসম আৰক্ষীৰ এছ আই পৰীক্ষা পতা কোম্পানীটোৰ লগত মই জড়িত আছিলো৷ মই ঠিক ১১.২৮ বজাত হোৱাটছ আপযোগে প্ৰশ্নকাকতখন পাইছিলো৷ লগে লগে মই প্ৰদীপ কুমাৰ ছাৰক গৌতম মেচৰ জৰিয়তে অৱগত কৰিছিলো৷ যিহেতু প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আছিল অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱে হওক৷ পোষ্টটো দিছিল ৰাজ্য কঁপোৱা অসমৰ অন্যতম বৃহৎ কেলেংকাৰি এছ আই প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত বিজেপি নেতা দিবন ডেকাই৷ দিবন ডেকাই পোষ্টটোৰ জৰিয়তে বুজাব বিচাৰিছিল নেকি তেওঁ যে সহজ-সৰল বা নিজে স্বইচ্ছাই এই কেলেংকাৰিৰ লগত জড়িত নহয়৷

দিবন ডেকাই লগতে উল্লেখ কৰিছে প্ৰশ্নকাকত ফাদিলৰ ঘটনাত এজন অসৎ আৰক্ষী বিষয়া জড়িত আছে, যিজন আৰক্ষী বিষয়াই গুপ্তহত্যা কাণ্ডৰ লগতো জড়িত৷ দিবন ডেকাই লগতে কৈছে তেওঁলোকে মোৰ দৰে সৰু মানুহক মাৰি পেলাব পাৰে৷ সেয়ে নিজৰ প্ৰাণৰ শংকাত মই অন্য এখন ৰাজ্যত থিতাপি লৈছো৷ আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে শিথিল হ’লে মই মুকলিকৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিম৷ এইখিনিলৈ দিবন ডেকাই নিজকে একপ্ৰকাৰ নিৰ্দোষী বুলি সজাইছে৷ কিন্তু দিবন ডেকাৰ ইতিবৃত্ত যদি চাবলৈ যাওঁ, তেন্তে উদ্ঘাটন হয় কেতবোৰ ভয়ংকৰ তথ্য৷ আৰক্ষীৰ তদন্ত অনুসৰি অতি কম সময়ৰ ভিতৰতে ধনী হৈছিল দিবন ডেকা৷ থেংক ইউ লজত পৰীক্ষাৰ আখৰা অনুষ্ঠিত কৰাৰ বাবে লজৰ মালিকক এটা কোঠাৰ বাবে ৫০ হাজাৰ টকা দিছিল দিবনে৷

আৰক্ষীৰ হাতত আটক হোৱা নলবাৰীৰ যুৱক কুলদ্বীপ ৰাজবংশীৰ সৈতে দিবন ডেকাৰ আছিল অতি ঘনিষ্ঠ৷ কুলদ্বীপে নলবাৰীতে নিবনুৱা ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ বাবে খুলিছিল বিনামূলীয়া এটি প্ৰশিক্ষণ কেন্দ্ৰ৷ যিটো প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লোৱা বহুকেইজন যুৱক-যুৱতীক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে৷

এতিয়া আহোঁ দিবন ডেকাৰ ৰাজনৈতিক কেৰিয়াৰলৈ৷ বিগত ২৪ বছৰে দিবন ডেকা বিজেপিৰ লগত জড়িত৷ ৰাজ্যিক বিজেপিয়ে দিবন ডেকা কোনো গুৰুত্বপূৰ্ণ পদত নাই বুলি জনাইছে যদিও বিভিন্ন সময়ত দিবন ডেকাই বিজেপি দলৰ সমৰ্থনত বহুতো পোষ্ট ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ লগতে বিজেপিৰ লগত কাম-কাজো চলাই গৈছিল৷ আনহাতে দিবন ডেকা আছিল ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক  সদস্য৷ বিশেষ সূত্ৰই গম পোৱা অনুসৰি পলাতক দিবন ডেকাই বৰক্ষেত্ৰী সমষ্টিৰ পৰা ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছিল৷

লক্ষ্যণীয়ভাৱে অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষই প্ৰকাশ কৰা মতে তেওঁ নিজে দিবন ডেকাক আৰক্ষীৰ হাতত চমজাই দিছিল আৰু আৰক্ষীয়ে প্ৰাৰম্ভিক সোধা-পোছা কৰিয়েই দিবন ডেকাক যাবলৈ দিছিল৷ সম্প্ৰতি দিবন ডেকা আৰক্ষীৰ হাতত পৰাৰ পিছতো গ্ৰেপ্তাৰ বা আটক নকৰা আৰু দিবন ডেকাই বহিঃৰাজ্যত থকা বুলি নিজে প্ৰকাশ কৰাৰ পিছতো কোনো শুংসূত্ৰ লাভ নকৰা প্ৰসংগই সম্প্ৰতি সৃষ্টি কৰিছে বহুতো প্ৰশ্নবোধকৰ৷