ধুবুৰীৰ আৰক্ষীৰ বৃহৎ সফলতা
নিউজ ডেস্ক, ৩১ মে’- ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ধুবুৰী জিলাৰ আৰক্ষীয়েও ড্ৰাগছ, কফ চিৰাপ তথা নিচা জাতীয় টেবলেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল । আৰু আজি ধুবুৰীৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কফ চিৰাফ , কেইবা হেজাৰ নিচা জাতীয় টেবলেট সহ এজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে।
ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ দিলীপ গৌৰৱে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী চহৰৰ ৰেল ষ্টেচনত অভিযান চলাইছিল। আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত ধুবুৰী সদৰ থানাৰ আৰক্ষী বাহিনীৰ এটি বৃহৎ দলে আজি দুপৰীয়াৰ ভাগত ধুবুৰী চহৰৰ ৰেল ষ্টেচনৰ সন্মুখৰ পৰা নিচাজাতীয় টেবলেট সহ কফছিৰাপ খিনি জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।
সৰবৰাহকাৰীটোৱে পশ্চিম বংগৰ পৰা ৰেল যোগে ধুবুৰী লৈ আনিছিল কফ চিৰাফ সহ বৃহৎ পৰিমাণৰ নিছাজাতীয় টেবলেট ।
গ্ৰেপ্তাৰ কৰা ধৃত সৰবৰাহকাৰীটো ৰাতুল হুছেইন বুলি জালিব পৰা গৈছে । দিৰ্ঘ দিনৰ ধৰি ড্ৰাগছ মাফিয়া ৰাতুল হুছেইনে ধুবুৰী চহৰ খনত নিচাজাতীয় দ্ৰৱ্য ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলি উঠি অহা নৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দি ৰমৰমীয়া ব্যবসায় চলাই গৈছিল ।