Local, Vocal, Global

ধোনীৰ ৰূপহীন নতুন ৰূপ ভাইৰেল

কেৰিয়াৰৰ কালত এম এছ ধোনীয়ে কেইবাবাৰো হেয়াৰ ষ্টাইল কৰা দেখা গৈছিল। কিন্তু ধোনীৰ শেহতীয়া ৰূপে অনুৰাগীসকলক আশ্চর্যান্বিত কৰি তুলিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণৰ পূর্বে চুলি খুৰুৱা মূৰৰ সৈতে চেন্নাই ছুপাৰ কিংছ অধিনায়কৰ এখন ফটো অনলাইনত প্ৰকাশ পাইছিল আৰু সোনকালে কিছুমান হাস্যকৰ Memeৰ বিষয় হৈ পৰিছিল ধোনী। বর্তমানৰ ভাইৰেল ধোনীৰ ছবিখন প্ৰকৃততে আই পি এলৰ আনুষ্ঠানিক প্ৰচাৰৰ বাবে ষ্টাৰ স্প’র্টছে এই শনিবাৰে টুইটাৰত প্ৰকাশ কৰিছিল। প্ৰবীণ ক্ৰিকেটাৰজনক এটা গহীন ৰূপত দেখা গৈছে। আৰু পৰিধান কৰা নীলা কাপোৰযোৰে ধোনীক এজন সন্ন্যাসীলৈহে যেন পর্যবসিত কৰিছে। ধোনীৰ ফটোখনত এটা সৰু কেপচনত দিয়া হৈছে, ‘সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰত ধোনী!’