Local, Vocal, Global

Bangladesh crisis: পুনৰ বাংলাদেশত হিংসাত্মক ঘটনা; আহত ৫০ জন লোক

নিউজ ডেস্ক,২৬আগষ্ট : পুনৰ বাংলাদেশত হিংসাত্মক ঘটনা। শিক্ষাৰ্থী-আনছাৰ গ্ৰুপৰ মাজত দেওবাৰে নিশা সংঘৰ্ষ(Bangladesh crisis)।

দেওবাৰে নিশা ঢাকাৰ সচিবালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰ সদস্যৰ মাজত সংঘৰ্ষ হয় । সংঘৰ্ষত কমেও ৫০ জন লোক আহত হয়।

ইফালে ছাত্ৰ আন্দোলনৰ দুজন নেতা হাছনাত আব্দুল্লা আৰু চাৰ্জিছ আলমক আটক কৰাৰ খবৰ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ পিছতে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সচিবালয় ঘেৰাও কৰিবলৈ ওলাই আহে। সেই সময়তে আনছাৰৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলক বাধা দিয়াত পৰিস্থিতি বিষম হৈ পৰে।আনছাৰৰ সদস্যই একাংশ শিক্ষাৰ্থীক লাঠিৰে প্ৰহাৰ কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীয়ে শিল, ইটা নিক্ষেপ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু আৰক্ষী মোতায়েন কৰিবলগীয়া হয়(Students clash with paramilitary personnel, 50 injured)।

উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় সেনা-আৰক্ষীয়ে।ইপিনে সংঘৰ্ষত আহতসকলক উদ্ধাৰ কৰি নিশাই ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়(Dhaka University students clash with paramilitary force, 50 injured)।

লগতে পঢ়ক :Tension Erupts in Guwahati Over Vehicle Parking Dispute at Central Mall : গুৱাহাটীৰ চেন্ট্রেল মলত অনা-অসমীয়াৰ গুণ্ডাগিৰি