Local, Vocal, Global

Sawan Somwar 2024: আজি পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ;মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত ভস্ম আৰতি পৰিৱেশন

নিউজ ডেস্ক,৫আগষ্ট : পবিত্ৰ শাওণ মাহ ৷ দেশৰ বিভিন্ন মন্দিৰত শাওণ মাহ তথা শিৱৰাত্ৰি উপলক্ষে মন্দিৰ কৰ্তৃপক্ষই আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ(Sawan Somwar 2024) ৷

আজি পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ ৷ এই উপলক্ষে মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ লগতে ভস্ম আৰতিও পৰিৱেশন কৰা হয় । সমান্তৰালভাৱে উত্তৰ প্ৰদেশৰ কাশী বিশ্বনাথ মন্দিৰ আৰু দিল্লীৰ গৌৰী শংকৰ মন্দিৰতো প্ৰাৰ্থনা কৰা হয়(Devotees Offer Prayers at Ujjain’s Mahakaleshwar Temple on Third Monday of ‘Sawan’) ।

শাওণ মাহক ভগৱান শিৱৰ মাহ বুলি গণ্য কৰা হয় । এই মাহত শিৱৰ ভক্তসকলে আশীৰ্বাদ লাভ কৰে বুলি জনবিশ্বাস প্ৰচলিত । শাওণ মাহৰ এটা দিন শিৱৰাত্ৰিৰ হিচাবে পালন কৰা হয় ৷ এই শাওণ মাহত পালন কৰা শিৱৰাত্ৰিৰ গুৰুত্ব বছৰেকীয়া শিৱৰাত্ৰিৰ সমপৰ্যায়ৰে হয় ।

লগতে পঢ়ক : Two abducted employees rescued in Dima Hasao : অৱশেষত উদ্ধাৰ হ’ল ডিমা হাছাওৰ পৰা অপহৃত দুই কৰ্মচাৰী