Dergaon News: কৃষিকৰ্মৰে জিলিকিছে দেৰগাঁৱৰ এজন আদৰ্শ কৃষক আছগৰ আলি
দেৰগাঁও,১১জানুৱাৰী : অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুক আদৰিবলৈ সাজু অসমবাসী ৷ ব্যস্ততা বাঢ়িছে কৃষক সকলৰো । ভোগালীক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে ৷
ঠিক সেই সময়তে দেৰগাঁৱৰ এজন আদৰ্শ কৃষক আছগৰ আলিয়ে ব্যাপক হাৰত মিঠা আলুৰ খেতি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ ৰপ্তানি কৰা পৰিলক্ষিত হৈছে(Dergaon News)।
বিহুৰ উপলক্ষে ৰঙা আলু খন্দাত ব্যস্ত কৃষকজন। কৃষকজনে প্ৰায় ১০ বিঘা মাটিত খেতি কৰিছে ৰঙা আলু । খেতিৰ জড়িয়তে নিজৰ লগতে প্ৰায় ২০ টা পৰিয়ালক সংস্থাপন আগবঢ়াইছে কৃষক আছগৰ আলিয়ে।
লগতে পঢ়ক :Magh Bihu 2025: পদূলিমুখত ভোগৰ ভোগালী