Local, Vocal, Global

দেশৰ ৰাজধানীত কৰ’না বিভীষিকাকঃ উদ্বিগ্ন কেন্দ্ৰ

দেশৰ ৰাজধানী দিল্লীত কৰ’নাসৃষ্ট বিভীষিকাক লৈ উদ্বিগ্ন কেন্দ্ৰ। দিল্লী চৰকাৰৰ সৈতে জৰুৰী বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা. হৰ্ষ ৱৰ্ধনৰ। বৈঠকত উপষ্ঠিত দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ অনিল বাইজাল,মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ। এসপ্তাহৰ ভিতৰত ৰাজ্যখনত ২০,০০০ ক’ভিড বে’ড নতুনকৈ সংযোজনৰ নিৰ্দেশ। দিল্লীৰ হোটেল সমুহত ৪ হাজাৰ,বেনকুৱেটচ হল সমুহত ১১ হাজাৰ আৰু নাৰ্চিং হোম সমুহে ৫ হাজাৰ ক’ভিড বে’ডৰ ব্যৱস্থা ৰাখিব লাগিব।
কৰ’না আক্ৰান্তৰ সংখ্যাৰে এই পৰ্যন্ত দেশৰ শীৰ্ষ ৰাজ্যৰ তালিকাত তৃতীয় স্থানত আছে দিল্লী। দেশৰ ৰাজধানীত এই পৰ্যন্ত ৩২,৮১০ গৰাকী আক্ৰান্ত হোৱাৰ লগতে ৯৮৪ গৰাকীৰ মৃত্যু ঘটিছে। তালিকাত শীৰ্ষ স্থানত থকা মহাৰাষ্ট্ৰত ৯৪,০৪১ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে এই পৰ্যন্ত ৩,৪৩৮ গৰাকীৰ মৃত্যু হৈছে। ৩৬,৮৪১ গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত থকা তামিলনাদুত মৃত্যু ঘটিছে ১,৩৪৭ গৰাকী লোকৰ।
ইফালে কৰ’না আক্ৰান্তৰ সংখ্যাই ভয়াৱহ ৰূপ লোৱা ভাৰতে সমগ্ৰ বিশ্বৰ শীৰ্ষ দেশৰ তালিকাত চতুৰ্থ স্থান বাহাল ৰাখিছে।
ভাৰতত এই পৰ্যন্ত ৩২১,৬২৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু মুখত পৰিছে ৯,১৯৯ গৰাকী লোক।
বিশ্বৰ আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে আমেৰিকা,ব্ৰাজিল আৰু ৰাছিয়া। সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৭,৮৭২,৬৮৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৩২,৪৭৫ গৰাকীৰ মৃত্যু ঘটিছে।।