Local, Vocal, Global

Delhi Election Results 2025:দিল্লীত সুদুৰ ২৭ বছৰৰ পিছত বিজেপিৰ ৰাজত্ব

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগণনা । দিল্লী বিধানসভা নিৰ্বাচনত AAP-বিজেপিৰ তুমুল যুঁজ । দিল্লীৰ মুঠ ৭০ খন বিধানসভা আসনৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে ১১ খন জিলাত মুঠ ১৯ টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছিল ।৭০টা বিধানসভা সমষ্টিত ভাগ্য নিৰ্ণয় হ’য় ৬৬৯ গৰাকী প্ৰাৰ্থীৰ। দিল্লী বিধানসভা নিৰ্বাচনত ভোটদান হৈছিল ৫৭.৫০ শতাংশ ।

উল্লেখ্য যে, যোৱা ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান এটা পৰ্যায়তে হৈছিল । আনহাতে, 70 খন বিধানসভা আসনৰ বাবে নিৰ্বাচনত আম আদমি পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল । আৰু শেষত বিজেপিৰ দখললৈ দিল্লী(Delhi Election Results 2025)।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয় বিজেপি প্ৰাৰ্থী পাৰভেজ বৰ্মাৰ বিৰুদ্ধে দিল্লীত পৰাস্ত হ’ল অৰবিন্দ কেজৰিৱাল । দিল্লীৰ শাসকীয় দলৰ বাবে এক মোক্ষম আঘাত ।
কিন্তু আনহাতে আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা কালকাজী সমষ্টিৰ পৰা বিজয়ী হৈছে ।

কালকাজী সমষ্টিত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সৈতে তিনিকোণীয়া যুঁজ হৈছিল । ভাৰতীয় জনতা পাৰ্টীৰ ৰমেশ বিধুৰী আৰু কংগ্ৰেছৰ অলকা লাম্বা আন দুগৰাকী মুখ্য প্ৰাৰ্থী আছিল । বিধুৰী এগৰাকী প্ৰাক্তন সাংসদ তথা অধিবক্তা । আনহাতে অলকা লাম্বাই সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ নেতৃত্ব দি আছে ।

লগতে পঢ়ক:Delhi Election Results 2025: দিল্লীত আপৰ শোচনীয় পৰাজয়ক লৈ মন্ত্ৰী যোগেন মহন আৰু ৰূপেশ গোৱালাৰ প্ৰতিক্ৰিয়া