Local, Vocal, Global

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৰিণা মাংসৰ চোৰাং বেহা

কাজিৰঙাত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাৰ সমান্তৰাল কৈ একাংশ দুষ্কৃতিকাৰী নামি পৰিছে বন্যজন্তুৰ চোৰাং চিকাৰত।বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত বনকৰ্মীৰ অভিযানত পহু মাংস সহ আটক  কৰিবলৈ সক্ষম হয় এজন লোকক। কাজিৰঙাৰ হাৰমতী কিলিং গাঁৱৰ  বীৰেণ কিলিং নামৰ এজন লোকক এক কেজি পহু মাংস সহ আটক কৰে বন বিভাগে। আনহাতে বন বিভাগে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, বান পৰিস্থিতিৰ সুযোগ লৈ একাংশ দুস্কৃতিকাৰীয়ে  কাজিৰঙাত নামি পৰিছে হৰিণা মাংসৰ চোৰাং বেহাত ৷ এনে লোকৰ পৰা নিৰাপত্তাহীনতাত ভোগিছে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীয়ে ৷