Local, Vocal, Global

উত্তৰাখণ্ডৰ চম্পাৱটত ভয়ংকৰ পথ দুৰ্ঘটনা !দুৰ্ঘটনাত মৃত্যু ৫ জন লোকৰ…

ডিজিটেল ডেস্ক:- নৱৰাত্ৰিৰ দ্বিতীয় দিনা উত্তৰাখণ্ডৰ চম্পাৱটৰ সংঘটিত হয় পথ দুৰ্ঘটনাত।এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হয়।উত্তৰাখণ্ডৰ চম্পাৱটৰ বিখ্যাত পূৰ্ণাগিৰি ধাম মেলা অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

মেলা অনুষ্ঠিত হৈ থকা অঞ্চলত এটা বাছ আস্থানত তীৰ্থ যাত্ৰীসকল ৰৈ থকা সময়ত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱায় তেওঁলোকক খুন্দা মাৰে।দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় ৩ জন তীৰ্থযাত্ৰীৰ ।আনহাতে চিকিৎসাৰ সময়ত আন ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়।

আনহাতে এই দুৰ্ঘটনাত আন ৭ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে তানকপুৰ মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এই ঘটনাত দুই শিশু আহত হোৱাৰ তথ্যও পোৱা গৈছে।দুৰ্ঘটনাত পতিত হোৱা লোক কেইজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।