Local, Vocal, Global

ৰ’পৱেত ভয়ংকৰ দূৰ্ঘটনা, গুৰুতৰভাৱে ১০ জন

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ ঝাৰখণ্ডৰ দেওঘৰৰ বাবা বৈদ্যনাথ মন্দিৰৰ ওচৰৰ ত্ৰিকুট পাহাৰত ৰপৱেত সংঘটিত হোৱা দূৰ্ঘটনাৰ ফলত ১০ গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত(Injured) হয়।

খবৰ অনুসৰি, ৰ’পৱেত এতিয়াও প্ৰায় ৭০ জন লোক ১৯খন ট্ৰলীত আৱদ্ধ হৈ আছে। ঘটনাস্থলীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈছে। লগতে উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) দলটো উপস্থিত হয়।

কাৰিকৰী বিজুতিৰ বাবেই দুটা ৰপৱেৰ(ropeway) বক্স খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।

উল্লেখ্য যে, মোহনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ত্ৰিকুট ৰ’পৱেৰে শ শ পৰ্যটক মন্দিৰ দৰ্শন কৰিবলৈ আৰু ৰামনৱমী উপলক্ষে ভ্ৰমণ কৰিছিল।