Local, Vocal, Global

Daily Horoscope for 7th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ দিনটো খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ সফল হʼব ৷

বৃষ ৰাশি : খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্মৰ লগতে ব্যক্তিগত জীৱনতো পৰিব পাৰে ৷ পৰচৰ্চা নকৰিব ৷

মিথুন ৰাশি : বিবাহৰ সংযোগত সফল লাভ হʼব ৷ প্ৰেমত শুভ ৷ বিবাহিসকলৰ বাবে দিনটো ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ সন্ধিয়া মানসিক অশান্তি হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷

কৰ্কট ৰাশি : কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে ৷ বন্ধুবৰ্গৰ লগত সময় কটাওক ৷ বিনোদন কাৰ্যৰ বাবে দিনটো ভাল ৷ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখক । নতুন কাম আৰম্ভ নকৰিব ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷ সাৱধানেৰে গাড়ী চলাওক ।

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব পাৰে ৷

কন্যা ৰাশি : দিনটো কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মৰ ফল কোনো পলম নকৰাকৈ পাব ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

তুলা ৰাশি : দিনটো বহুত লাভজনক ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷

বৃশ্চিক ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷

ধনু ৰাশি : বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহিসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

মকৰ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব ৷ ব্যৱসায় বা নিজ কৰ্মত মনোযোগ দিয়ক ৷ জীৱনত সফল হ’ব ৷

কুম্ভ ৰাশি : দিনটো ভাল ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷ দিনটো নিজৰ প্ৰেমৰ লগত কটাব ৷

মীন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷