Local, Vocal, Global

Daily Horoscope for 26th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি :ডিঙি/ ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব। নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহুসময় কথা পাতিব পাৰে।

বৃষ ৰাশি : পোনাৰ খং কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক । সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত।

মিথুন ৰাশি: আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। যিবোৰ মানুহ পইচা ধাৰে ল’বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হব পাৰে । আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক। আজিৰ দিনটো আপোনাৰ বাবে এটা লেখত লবল’গীয়া দিন হ’ব পাৰে, আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হব পাৰে।

কৰ্কট ৰাশি: আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । ৰোমাঞ্চ অধিক আনন্দায়ী আৰু ৰোমাঞ্চকৰ হব। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। মানুহৰ লগত কথা পাতোঁতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আতঁৰি থাকিব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।

সিংহ ৰাশি :আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব । আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। আপুনি যোৱাকেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। আজি আপোনাৰ সৃজনশীলতাক বঢ়োৱাৰ বাবে আটাইতকৈ ভাল দিন।

কন্যা ৰাশি : আপোনাৰ দীৰ্ঘদিন ধৰি চলি অহা ঋণৰ বোজাৰ পৰা সকাহ পাব পাৰে। ইয়ে আপোনাক অস্থায়ী সকাহ প্ৰদান কৰিব। যিকোনো কাম ভাবি–চিন্তি কৰিব।আপোনাৰ দীৰ্ঘদিনীয়া প্ৰত্যাশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। খং তথা কথাত সংযম ৰখাৰ প্ৰয়োজন আছে। পৰিয়ালৰ লোকৰ সৈতে বিবাগ হোৱাৰ সম্ভাৱনা আছে। অনাবশ্যক ধন খৰচ হ’ব পাৰে।

তুলা ৰাশি :আপুনি কথা কওঁতে সংযম ৰাখিব। আপোনাৰ প্ৰিয়জনৰ মনত আঘাত নিদিব। দুৰ্ঘটনাৰ পৰা বাচিব। আপোনাৰ ব্যৱহাৰ আৰু বক্তব্যৰ বাবে কোনো লোকৰ সৈতে কাজিয়া হ’ব পাৰে। আজি ব্যৰ্থ কামত সময় পাৰ হ’ব পাৰে।আজি পৰিকল্পিতভাৱে কৰা কামত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। শুভ কামত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ধন লাভ তথা প্ৰব্ৰজনৰ সুযোগ আছে। আপোনাৰ দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

বৃশ্চিক ৰাশি : আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে , আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি আপুনি আপোোনাৰ প্ৰিয়জনৰ সন্মূখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। আপোনাৰ জীৱন সংগীৰ যিকোনো সৰু মিছা কথাত আপুনি আহত হোৱা অনুভৱ কৰিব । যদি আজি কিবা অধিক কৰিবলৈ নাই তেন্তে পুথিঁভৰালত সময় অতিবাহিত।

ধনু ৰাশি: যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘুৰাব নোৱাৰি বিপদত পৰিব পাৰে।আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজানিবও পাৰে। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।

মকৰ ৰাশি : কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে,যিকোনো নিৰ্ণয় লোৱাৰ আগত সন্তুলিত ভাৱে দুয়ো পক্ষক পৰীক্ষা কৰক। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। পূৰণি সম্পৰ্কিত লোক সকল আৰু বন্ধুবৰ্গ আপোনাৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব।

কুম্ভ ৰাশি : স্বাস্থ্য ভালে থাকিব। আপোনাৰ ধন লাভ হব। বিপদৰ সময়ত পৰিয়াল ৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব।আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ’লে আপোনাৰ মন এনেও ভাল নাথাকিব।

মীন ৰাশি : চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব। মানসিক স্পষ্টতা বাহাল ৰাখিবৰ বাবে শংকা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাওক। কোনোবা নিকতৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশাংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হব। আজি সম্ভৱপৰ হব পাৰে যে আপুনি আৰু আপোনাৰ জীৱন লগৰী আজি বহুত খৰছ কৰিব পাৰে । অধৰ্য্যতা ভাল বস্তু নহয়, অধৰ্য্য হৈ কোনো কাম কৰিব নালাগে ।ইয়াৰ ফলত কাম বেয়া হোৱাৰ আশংকা থাকে।