Daily Horoscope for 1st August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হব পাৰে। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে।
বৃষ ৰাশি : যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হওক সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।
মিথুন ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব।এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।
কৰ্কট ৰাশি : ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলে বাহিৰা কিতাপ পঢ়ক। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। কিছুমান ব্য্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব।
সিংহ ৰাশি : নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ ।আপোনাৰ ভাল চিন্তা ধাৰাই আপোনাৰ বেয়া চিন্তা ধাৰাক পৰাজিত কৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক।
কন্যা ৰাশি : আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। আপোনাৰ ঘনিষ্ঠ লোক সমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে।
তুলা ৰাশি : আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতি সমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ কৰক কাৰণ এই অসুবিধা সমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে।
বৃশ্চিক ৰাশি : আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহলে আপোনাৰ বদনাম হব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে।
ধনু ৰাশি : ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কাম-কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰু ৰূপে পাৰ হব ।
মকৰ ৰাশি : আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপুনি দিনজোৰা ব্যস্ততাৰ পৰা অলপ অৱসৰ লোৱা উচিত আৰু বন্ধু-বান্ধৱীৰ লগত বাহিৰত ফুৰিব যাওক। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে।
কুম্ভ ৰাশি : আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব।
মীন ৰাশি : আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে ।