Daily Horoscope for 16th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি দিনটো আপোনাৰ বাবে মধ্যমীয়া । কাৰ্য-কৰ্ম প্ৰভাৱান্বিত হʼব ৷ খৰচ সুস্থিৰে কৰিব ৷ স্বাস্থ্য যতন লওক ।
বৃষ ৰাশি : আজি আপুনি ভাগ্যৰ সৈতে যুঁজিব লাগিব ৷ আপোনাৰ মিশ্রিত খেলিমেলি লাগিব পাৰে। কৰ্মত মনোযোগ দিব ৷
মিথুন ৰাশি : যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব ৷ সেই ফল পাবলৈ আপুনি কৰ্মত মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত উপনীত হৈ আপোনাৰ আনন্দ লাগিব ৷
কৰ্কট ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ হʼব ৷
সিংহ ৰাশি : আজি দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব ৷ সেইবাবে খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্ক মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব৷
কন্যা ৰাশি : আপুনি আজি অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ দিন প্ৰায় ভাল, সফল হʼব ৷
তুলা ৰাশি : আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
বৃশ্চিক ৰাশি : আপুনি আজি সক্ৰিয় হৈ থাকক ৷ আনৰ দোষ আপোনাৰ ওপৰত জাপি দিব ৷ নিন্দা আৰু পৰচৰ্চাৰ পৰা আঁতৰি থকা উচিত ৷ আপুনি সফল হʼব ৷
ধনু ৰাশি : পুৰণি অসম্পূৰ্ণ কাৰ্যক সম্পন্ন কৰাত সহায় হʼব ৷ বিবাদক সমাধান কৰাৰ বাবে পুনৰ চেষ্টা কৰা হʼব ৷ আপোনাৰ সৎকৰ্মক বেছি ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷
মকৰ ৰাশি : আপোনাৰ কেইবামাহমান ধৰি ভাগ্য ভাল নাছিল, সেইবাবে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হৈছিল ৷ আপুনি কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত সপোন দেখিব ৷ আপোনাৰ এতিয়া আনন্দৰ দিন হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷
কুম্ভ ৰাশি : আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷
মীন ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে ৷ টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ সুস্থিৰে কৰিব ৷ আজি আপোনাৰ খৰচ বৃদ্ধি হʼব ৷ সতৰ্ক হোৱা উচিত ৷