Local, Vocal, Global

ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কৰা হ’ল কাৰ্ফিউ।

আজি কোকৰাঝাৰৰ শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কৰা হ’ল কাৰ্ফিউ। গ্ৰামাঞ্চলত এতিয়াৰে পৰা ২ বজাতে হ’ব কাৰ্ফিউ। ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে গ্ৰাম্যাঞ্চলত ৫ বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হৈছিল। পুনৰ ১০ দিনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। এতিয়া গাঁওসমূহতো কাৰ্ফিউ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব নগৰাঞ্চলত ১২ বজাৰ পৰা কাৰ্ফিউ বাহাল থাকিব। লগতে ৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াতো। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বাহাল পূৰ্বৰ নিয়ম। আজি সন্ধিয়ালৈ প্ৰকাশ পাব নতুন এছঅ’পি।”