CSKৰ খেলুৱৈৰ তালিকাৰ পৰা নাম আতৰিল সুৰেশ ৰাইনাৰ

চেন্নাই চুপাৰ কিংগছ’ৰ খেলুৱৈৰ তালিকাৰ পৰা নাম আতৰিল সুৰেশ ৰাইনাৰ। হঠাতে ব্যক্তিগত অসুবিধাৰ বাবে ডুবাইত উপস্থিত হৈ পুনৰ স্বগৃহলৈ উভতিছিল মিষ্টাৰ আইপিল সুৰেশ ৰাইনা। পৰবৰ্তী সময়ত ৰাইনা আইপিলত ভাগ লোৱাৰ সম্ভৱনা আছে বুলি খবৰ ওলাইছিল যদিও সেই অপেক্ষাৰ অৱসান ঘটিল। অৱশেষত চেন্নাই চুপাৰ কিংগছ’ৰ খেলুৱৈৰ তালিকাৰ পৰা নাম আতৰিল মিষ্টাৰ আইপিল সুৰেশ ৰাইনাৰ। চলিত বৰ্ষৰ আই পি এলৰ এখনো মেচত অংশ নলয় সুৰেশ ৰাইনাই।
সুৰেশ ৰাইনা, হৰভজন সিং অবিহনে দুৰ্বল হৈ পৰিছে আইপিলৰ অন্যতম সফল ফ্ৰেঞ্চাজী চেন্নাই চুপাৰ কিংগছ। সুৰেশ ৰাইনাৰ নাম চেন্নাই চুপাৰ কিংগছ দলৰ পৰা বাদ পৰাৰ পিছতে এতিয়া চেন্নাইৰ দলত আন ক্ৰিকেটাৰ অন্তৰ্ভুক্ত কৰিবলৈ সুযোগ লাভ কৰিব। ক্ৰিকেট বিশ্লেষকৰ মত অনুযায়ী চেন্নাই দলত ভাৰতীয় অলৰাউণ্ডাৰ ইছুফ পাঠান, মনোজ তিৱাৰী আৰু হনুমা বিহাৰীয়ে স্থান লাভ কৰাৰ সম্ভৱনা হৈছে।