গেংষ্টাৰৰ নগৰী যোৰহাট!

ডিজিটেল ডেস্কঃ যোৰহাট যেন ক্ৰমাৎ ক্ৰাইম চিটি অথবা গেংষ্টাৰৰ নগৰী হ’বলৈ গৈ আছে নেকি? বিগত সময়ছোৱাত চহৰখনত হোৱা বহুকেইটা অপৰাধজনীত ঘটনাই সংবাদ শিৰোণাম দখল কৰাৰ পাছতেই সচেতন নাগৰিক সকলৰ মনত এতিয়া এই প্ৰশ্ন উদয় হৈছে৷ যোৱা নিশা চহৰখনৰ মাজমজিয়াত বন্দুকধাৰী দুৰ্বৃত্তই গুলিচালনা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷ যোৰহাট নগৰৰ যি স্থানত গণ উন্মাদনাৰ চিকাৰ হৈ অনিমেষ নামৰ নিৰীহ যুৱকজনৰ মৃত্যু হৈছিল, সেই স্থানতে কালি নিশা দুৰ্বৃত্তই গুলিয়াই ডকাইটি কৰাৰ চেষ্টা কৰে৷ উল্লেখযোগ্য যে যোৰহাটৰ কাৰীকৰি আৰু বিজ্ঞান শিক্ষাৰ প্ৰণকেন্দ্ৰস্বৰূপ JIST-ৰ সমীপত সংঘটিত হৈছিল চুৰিকাঘাটৰ ঘটনা৷
যোৰহাটৰ দৰে শিক্ষিতৰ চহৰত যেন এতিয়া সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত নহয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ চহৰ, য’ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে, যিখন চহৰে জন্ম দিলে জুবিনৰ দৰে সম্পদক, সেই যোৰহাটখনত এতিয়া অৰাজকতা বিৰাজ কৰাটো দুৰ্ভাগ্যজনক কথা৷
ক্ৰমাগতভাৱে যোৰহাটত হৈ থকা এনে ধৰণৰ অপৰাধমূলক ঘটনাই চহৰখনত আৰক্ষী বিভাগৰ চূড়ান্ত বিফলতাৰ প্ৰমাণ ৰাজহুৱা কৰিলে৷