Local, Vocal, Global

উন্মুক্ত চান্দ বিবিএল চুক্তি স্বাক্ষৰ কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ

প্ৰাক্তন অনুৰ্ধ-১৯ ভাৰতীয় অধিনায়ক উন্মুক্ত চান্দ অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগ (BBL)ত স্বাক্ষৰ কৰা প্ৰথম ভাৰতীয় পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে।

২০২১-২০২২ বৰ্ষৰ অধিৱেশনৰ বাবে মেলবৰ্ণ ৰেনেগেডছৰ দ্বাৰা আৱদ্ধ হৈ থকা চান্দে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলটোক প্ৰতিনিধিত্ব কৰি আছে।

২৮ বছৰীয়া ভাৰতীয় অধিনায়কজনে তিনিটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ফ্ৰেঞ্চাইজিৰ অংশ হৈ আছে – দিল্লী ডেয়াৰডেভিলছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ।

দিল্লীত জন্মগ্ৰহণ কৰা এজন ক্ৰিকেটাৰ চান্দে দিল্লীৰ হৈ ৬৭ খন প্ৰথম শ্ৰেণী, আৰু ৭৭ খন টি-২০ মেচ খেলিছিল। তেওঁ এই বছৰৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেজৰ লীগ ক্ৰিকেটৰ সৈতে বহু বছৰীয়া চুক্তি স্বাক্ষৰ কৰে।

ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে সমগ্ৰ বিশ্বৰ ঘৰুৱা লীগত খেলি আছে, যাৰ ভিতৰত আছে – মহিলা বিগ বেছ লীগ। অৱশ্যে, ভাৰতৰ ঘৰুৱা পুৰুষ খেলুৱৈসকলক বৰ্তমান বিদেশৰ প্ৰতিযোগিতাত খেলিবলৈ অনুমতি দিয়া হোৱা নাই।কিন্তু, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ খেলিলে চান্দে বিবিএল আৰু অন্যান্য ঘৰুৱা লীগৰ হৈ খেলিব পাৰে।