Local, Vocal, Global

হাৰ্ট এটেকত মৃত্যু দেশৰ এজন সম্ভাৱনাময় ক্ৰিকেটাৰৰ

হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে প্ৰাণ হেৰুৱালে দেশৰ এজন উদীয়মান ক্ৰিকেটাৰে। সৌৰাষ্ট্ৰৰ হৈ ৰঞ্জী ট্ৰফীত প্ৰতিনিধিত্ব কৰা এই ক্ৰিকেটাৰগৰাকীৰ নাম অভি বাৰক। ১৯বছৰ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ কেপ্তেইনো আছিল বাৰাক। ২০১৯-২০বৰ্ষত ৰঞ্জী ট্ৰফীৰ চেম্পিয়ন হোৱা সৌৰাষ্ট্ৰ দলৰ নিৰ্ভৰযোগ্য বেটছমেন আছিল এইগৰাকী ক্ৰিকেটাৰ।

মাত্ৰ ২৯বছৰ বয়সত মৃত্যু হোৱা বাৰাকে হাৰিয়ানা আৰু গুজৰাট দলৰ হৈও খেলিছিল। শুকুৰবাৰে হঠাত ঘৰতে অসুস্থ হৈ পৰিছিল ক্ৰিকেটাৰগৰাকী। তাৰ পিছত তেওঁ চিকিতসালয়লৈ নিয়া হৈছিল যদিও হস্পাতাললৈ নিয়াৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে। সৰুতে পিতৃক হেৰুৱাইছিল ক্ৰিকেটাৰ বাৰাকে। ক্ৰিকেটাৰগৰাকীৰ পত্নী ৪মাহৰ সন্তান সম্ভৱা। ক্ৰিকেটাৰ গৰাকীৰ মৃত্যু গভীৰ শোক ব্যক্ত কৰিছে ক্ৰীড়াপ্ৰেমীয়ে।