Local, Vocal, Global

২৪ বছৰে শ্মশানত জন্মদিন উদযাপন কৰা এগৰাকী ব্যক্তি

শ্মশানৰ কথা মনলৈ আহিলেই দুচকুত ভাহি উঠে এখন জয়াল ছবি৷ ভূত-প্ৰেত, অশৰীৰ আত্মাৰ আর্তনাদ৷ দিন বা ৰাতি শ্মশানত ২৪ ঘণ্টাই বিৰাজ কৰে জয়ালতাই৷ সেয়েহে সাধাৰণ লোকে হয়তো কেতিয়াও শ্মশানলৈ যোৱাৰ কথা ভাবিবই নোৱাৰে৷ কিন্তু যোৱা ২৪ টা বছৰে এগৰাকী ব্যক্তিয়ে নিশা ১২ বজাত জন্মদিনৰ দিনা শ্মশানলৈ যায়৷ শ্মশানতে কাটে কেক৷ ১৯৯৬ চনৰ পৰাই শ্মশানত কেক কাটি অহা ব্যক্তিজন পেচাত এগৰাকী সাংবাদিক৷ মনোজ পাৱাৰ নামৰ সাংবাদিকজনে যোৱা ২৪টা বছৰে শ্মশানত পালন কৰি আহিছে জন্মদিন৷ অহাটো বর্ষতো শ্মশানতেই কেক কাটিব সাংবাদিক মনোজ পাৱাৰে৷মনোজ পাৱাৰৰ এই ব্যতিক্ৰমী জন্মদিন পালন কৰাৰ উদ্দেশ্য এটাই সমাজৰ পৰা আতৰাব লাগে ভুত-প্ৰেত, অশৰীৰ আত্মাৰ অন্ধবিশ্বাস৷ তেওঁৰ মতে যোৱা ২৪টা বছৰে বিশেষ দিনটোত শ্মশানত উদযাপন কৰিও কোনো দিনেই দেখা নাপালে ভুত-প্ৰেত৷ অনুভৱ নকৰিলে অশৰীৰ আত্মা থকাৰ কথা৷