Local, Vocal, Global

ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি বাংলাদেশলৈ পশুধনৰ চোৰাংকৈ চালান অব্যাহত

দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি বাংলাদেশলৈ পশুধনৰ চোৰাংকৈ চালান অব্যাহত । আৰক্ষী আৰু বি এছ এফৰ অভিযানত ৯গৰাকী চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰৰ লগতে ২৭ টা পশুধন উদ্ধাৰ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ মাজেদি বাংলাদেশলৈ পশুধনৰ চোৰাং চালান অব্যাহত থকাৰ মাজতে যোৱা নিশা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ প্ৰধানীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই দহটা পশুধনসহ ৪জন সৰবৰাহকাৰী আটক কৰে । আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে নুৰ ইছলাম (২৫), নুৰ জামাল (২১), খয়বৰ হুছেইন (24) আৰু নূৰ ইছলাম (২৫) । চাৰিও জনৰ বিৰুদ্ধে ভাৰতীয় দন্ড বিধিৰ৩৭৯/৪১১/৩৪ ipc R/W sec98 ICT Rule & PCA ACT 1960 অধীনত দক্ষিণ শালমাৰা থানাৰ কেছ নং ২২৮/২০২০ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।