কৰ’না ভেকচিনৰ গৱেষণাৰ প্ৰথম আৰু দ্ৱিতীয় পৰ্যায়ত সফলতা লাভ অক্সফ’ৰ্ডৰ দলৰ ৷ বিজ্ঞানী পেট্ৰ’ফলেকাৰ্টিৰ নেতৃত্বত চলি থকা এই গৱেষণাই আশাপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ দ্য লেণ্ডচিট নামৰ এখন গৱেষণা পত্ৰত প্ৰকাশিত তথ্য অনুসৰি এই ভেকচিন কেৱল নিৰাপদেই নহয়, মানুহৰ দেহত কৰ’নাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰতিৰোধ গঢ়ি তোলে ৷ ভাৰতেও অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাৰ সুফল অতিশীঘ্ৰে লাভ কৰিব ৷ ভাৰতৰ সংস্থা ছেৰাম ইন্সষ্টিটিউট এই গৱেষণাৰ লগত জড়িত ৷ ছেৰাম ইন্সষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই কয় যে এসপ্তাহৰ ভিতৰত ভাৰততো এই ভেকচিনৰ পৰীক্ষণৰ বাবে আবেদন কৰিব ৷ অনুমতি পোৱাৰ লগে লগে ভাৰততো আৰম্ভ হ’ব উৎপাদন ৷ সকলোবোৰ ঠিকে-ঠাকে থাকিলে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে ভাৰতৰ বজাৰত সুলভ হ’ব এই ভেকচিন ৷ ইফালে দিল্লীৰ এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াই আশা কৰিছে যে ভাৰততো ভেকচিনৰ সহায়ত কৰ’নাৰ চিকিৎসা এই বছৰৰ শেষৰ ফালে বা অহা বছৰৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰিব পৰা যাব ৷ যিসময়ত বিশ্বত কৰ’নাই লক্ষাধিক লোকৰ প্ৰাণ কাঢ়ি নিছে সেই সময়তে এই ভেকচিনৰ সফলতাৰ খবৰে মানৱ সভ্যতাৰ বাবে সুখবৰ ৰূপে পৰিগণিত হৈছে৷