Local, Vocal, Global

ছিটা লোৱাৰ পিছত প্ৰতিষেধকৰ পাৰ্শ্বক্ৰীয়া উপশমৰ উপায় দিলে বিশেষজ্ঞই

দেশত আৰম্ভ হৈছে কোৰোনাৰ তৃতীয় পৰ্ব।১৮ বছৰৰ পৰা ৪৫বছৰৰ লোকক প্ৰদান কৰা হৈছে কোৰোনাৰ প্ৰতিষেধক ।বহুতেই পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ শংকাত এই প্ৰতিষেধক লবলৈ কিছু দ্বিধাবোধ কৰা দেখা গৈছে।প্ৰতিষেধক লোৱাৰ পিচত যদি সামান্য জ্বৰ,ক্লান্তি,গাৰ বিষ,বমিৰ ভাৱ আদি প্ৰৱণতা দেখা গলে,তেন্তে সেয়া ভাল লক্ষণ বুলি চিকিৎসক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।এনে লক্ষণ সমূহৰ দ্বাৰা এই কথা জানিব পৰা যায় যে এই প্ৰতিষেধকে শৰীৰত কাম কৰে।এই প্ৰতিষেধক শৰীৰত 4৪ ঘন্টাৰ ভিতৰত মিলি যায়।এই প্ৰতিষেধক লোৱাৰ পিচত সমগ্ৰ শৰীৰত বিষ অনুভৱ হব পাৰে, চিকিৎসকৰ মতে প্ৰতিষেধক লোৱাৰ পিছত কোনো ধৰণৰ বিষৰ টেবলেট বা ঔষধ নোখোৱাই উচিত।ঔষধ খালে শৰীৰত প্ৰতিষেধকৰ প্ৰভাৱ কমি যাব পাৰে।দ্বিতীয় ডজ লোৱাৰ সময়ত জ্বৰৰ সম্ভাৱনা অধিক।এই সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেৰাচিটামল টেবলেট খাই জ্বৰ কমাব পাৰে।