ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ বুধবাৰৰ দিনটো ৰাজ্যত পুনৰ আক্ৰান্ত ৪৫৯৩ গৰাকী। ইয়াৰ বিপৰীতে বুধবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ২১৩৬ গৰাকী ৰোগীয়ে। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৬৩২ গৰাকী কামৰূপ (ম)৪৬০ কামৰূপৰ,২৬৫গৰাকী ডিব্ৰুগড়,৩৩৫গৰাকী নগাঁৱৰ। বুধবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৬গৰাকীৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৬৮৯৯৯ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৪৭২০৯ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৬১ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২১৬২৬গৰাকী।
যোৱা ২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ১লাখ ৪৩ হাজাৰ ১০৯টা গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৩.২০ শতাংশ।