Local, Vocal, Global

উঃ বৰ গৰম! উৎকট গৰমকো নেওচি একাংশ ব্যস্ত কৰ্তব্যত

উঃ বৰ গৰম! উৎকট গৰেম দহিছে ৰাজ্য৷ মহানগৰীত সোমবাৰৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছ৷ আপুনি-মই গৰমৰ প্ৰকোপৰ বাবে ঘৰৰ বাহিৰত ওলাই যাবলৈ বহুবাৰ চিন্তা কৰো৷ কিন্তু তাৰ মাজতে উৎকট গৰমক নেওচি একাংশ ব্যস্ত নিজৰ কৰ্তব্যত৷ আমি ক’বলৈ ওলাইছো ক’ভিড যোদ্ধা সকলৰ কথা৷ উৎকট গৰমক প্ৰত্যাহ্বান জনাই পিপিই কিট পৰিধান কৰি ব্যস্ত নিজৰ কৰ্তব্যত৷ কৰ’না আক্ৰান্ত ৰোগীক এম্বুলেঞ্চেৰে ঘৰৰ পৰা হাস্পতাললৈ অনালৈ, হাস্পতালত চিকিৎসা প্ৰদান কৰাৰ লগতে মৃত ব্যক্তিক সৎকাৰ কৰাপৰ্যন্ত পিপিই কিট পৰিধান কৰি নিজৰ কৰ্তব্যত মগ্ন হ’ব লগা হৈছে ক’ভিড যোদ্ধাসকল৷ তথাপিতো তেওঁলোক থমকি ৰোৱা নাই৷ কৰ’নাত মৃত্যু হোৱা লোকক সৎকাৰ কৰাৰ পিছত ভাগৰত লেবেজান হৈ মাটিতে বহি পৰিছে এইসকল কৰ’না যোদ্ধা৷ তথাপিতো থমকি ৰোৱা নাই এওঁলোক৷ চেল্যুট এইসকল কৰ’না যোদ্ধা৷