Local, Vocal, Global

ক’ভিড-১৯ সংক্ৰান্তীয় নিষেধাজ্ঞাৰ প্ৰতিবাদত মেট্ৰ’ত সামূহিক চুম্বন!

ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবৰ বাবে দেশে দেশে বিভিন্ন নীতি-নিয়ম নিৰ্ধাৰণ কৰি দিছে চৰকাৰে। কিন্তু এনে নিষেধাজ্ঞাৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰা বুলি আৰু নিজকে ক’ভিডৰ পৰা সম্পূৰ্ণ সুৰক্ষিত বুলি প্ৰমাণ কৰিবলৈ একাংশই উদ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছে। শেহতীয়াকৈ তেনে এক আজৱ প্ৰতিবাদৰ ঘটনা সংঘটিত হৈছে ৰাছিয়াত। লকডাউন, ছ’চিয়েল ডিষ্টেনচিং আৰু কোৱাৰেণ্টাইন সম্পৰ্কীয় নীতি-নিয়মৰ প্ৰতিবাদ কৰিবলৈ গৈ ৰাছিয়াৰ একাংশ পুৰুষ-মহিলাই চলন্ত মেট্ৰ’ত সকলোৰে সন্মুখত চুম্বনত লিপ্ত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। যাত্ৰীৰে ঠাহ খাই থকা মেট্ৰ’ত উঠি এজনে আনজনক মুকলিকৈ চুম্বনেৰে এই ক’ভিডবিৰোধী প্ৰতিবাদ। এনে প্ৰতিবাদী চুম্বনৰ ফটো আৰু ভিডিঅ’ ব্যাপক হাৰত ভাইৰেল হৈছে। ২৪ ডিচেম্বৰত এই আজৱ প্ৰতিবাদত অংশ লয় শতাধিক যুৱক-যুৱতীয়ে। প্ৰতিবাদীসকলৰ মতে ইয়াৰ দ্বাৰা তেওঁলোকে সংগীত আৰু নাইট ক্লাব উদ্যোগৰ সপক্ষে স্থিতি লৈছে। যিসময়ত মেট্ৰ’বিলাক যাত্ৰীৰে ভৰপুৰ হৈ চলি আছে সেই সময়ত সংগীতানুষ্ঠান আৰু নাইট ক্লাবত দৰ্শকৰ প্ৰৱেশত বিধি নিষেধ আৰোপ কৰা হৈছে। কেৱল ৰাছিয়াতে নহয়, ক’ভিড-১৯ প্ৰট’কলৰ বাবে আন বহু দেশতো নাইট ক্লাব আৰু সংগীতানুষ্ঠান বন্ধ ৰখা হৈছে।