Local, Vocal, Global

২০১৯ চনৰ যৌন নিৰ্যাতনৰ গোচৰত দোষীক ২০ বছৰৰ কাৰাদণ্ড

নিউজ ডেস্ক, ৩১ আগষ্ট : অসমৰ কোকৰাঝাৰৰ এখন জিলা আদালতে এজন ব্যক্তিক এগৰাকী নাবালিকা ছোৱালীক যৌন নিৰ্যাতন কৰাৰ বাবে দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাদণ্ড বিহিছে।

২০১৯ চনৰ জুলাইত নাবালিকা ছোৱালীজনীক অপৰাধীয়ে ধৰ্ষণ কৰিছিল। যেতিয়া তাইক ধৰ্ষণ কৰিছিল তেতিয়া তাইৰ বয়স মাত্ৰ ১০ বছৰ আছিল।

অপৰাধীজনক অসমৰ গোসাইগাঁওৰ বাসিন্দা চাৰিদুল ইছলাম ( Sharidul Islam) বুলি চিনাক্ত কৰা হৈছিল। আনহাতে, ঘটনাটোৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

বাতৰি অনুসৰি, নাবালিকা ছোৱালীজনীয়ে পৰিয়ালৰ পশুধন চৰাবলৈ তেওঁৰ বাসগৃহৰ ওচৰৰ এখন নদীৰ কাষৰ পথাৰলৈ গৈছিল আৰু তেতিয়া ইছলাম তাইৰ ওচৰলৈ গৈছিল আৰু তাত তাইক ধৰ্ষণ কৰিছিল।

তাৰ পিছত, ছোৱালীজনীয়ে তাইৰ মাক-দেউতাকৰ ওচৰলৈ গৈ গোটেই ঘটনাটো বৰ্ণনা কৰিছিল। আৰু তাৰ পাছতে পৰিয়ালটোৱে ইছলামৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছিল।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি (IPC) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ (POSCO) কেইবাটাও ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।