Local, Vocal, Global

পুনৰ কংগ্ৰেছ ত্যাগ বহুসংখ্যক কংগ্ৰেছ নেতাৰ

১২৪নং বিধানসভা সমষ্টিত কংগ্ৰেছ দলত মোক্ষম আঘাত। মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি অচিন্ত দাস তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰবীৰ ৰাজখোৱা, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিলাভজ্যোতি কোঁৱৰ, মাৰ্ঘেৰিটা মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী বন্তি কোঁৱৰ, সাধাৰণ সম্পাদিকা দিপালী বৰাকে ধৰি বহুসংখ্যক কংগ্ৰেছ নেতাই দলত্যাগ কৰাৰ কথা ঘোষণা কৰে। মঙলবাৰে হোটেল ৰয়েল ট্ৰিটত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা।

ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি অচিন্ত দাসে তেখেতৰ অজ্ঞাতে নতুনকৈ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাত ক্ষোভ প্ৰকাশ কৰে। দলৰ হৈ নিষ্ঠাৰে কাম কৰি যোৱা এইসকল নেতাৰ পদত্যাগে দলৰ আভ্যন্তৰত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সকল নেতাই মুখ খুলি নক’লেও দলীয় সংঘাতৰ বাবেই দলত্যাগ কৰাৰ কথা চৰ্চিত হৈছে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজ খেয়ালখুচিমতে নগাৱঁৰ পৰা ৰিম’ট চলাই একনায়কত্ববাদী মনোভাৱেৰে মাৰ্ঘেৰিটা কংগ্ৰেছক নিয়ন্ত্ৰণ কৰি অহাটোৱেই এইসকল নেতাৰ পদত্যাগৰ মূল কাৰণ বুলি অভিযোগ উঠিছে।