Local, Vocal, Global

ভাৰতক লৈ কৰা বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ বৃদ্ধি পাইছে উদ্বেগ, ২০২২ত ভাৰতত সংঘটিত হ’ব এই ঘটনা…

ডিজিটেল ডেস্কঃ ২০২২ত দুৰ্ভিক্ষই গ্ৰাস কৰিব সমগ্ৰ ভাৰতবৰ্ষ! বুলগেৰিয়াৰ নবী বাবা ভাংগাই এশ বছৰ পূৰ্বেই কৰা এই ভৱিষ্যদ্বাণীক লৈ এতিয়া বছৰ তীব্ৰ চৰ্চা চলিছে ভাৰতত।

২০২২ৰ অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ দুমাহ বাকী থকা সময়ত ৰহস্যময়ী বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণীক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰতবাসী।

উল্লেখ্য যে, বুলগেৰিয়াৰ ৰহস্যবাদী বনৌষধিবিদ বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণীৰ ৮৫ শতাংশই বাস্তবায়িত হৈ আহিছে।

কোৱা যায় যে চেৰ্নোবিল দুৰ্যোগ, ৰাজকুমাৰী ডায়েনাৰ মৃত্যু, ছোভিয়েট ইউনিয়নৰ বিলুপ্তিৰ পূৰ্বেও ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাংগা নামৰ অন্ধ মহিলাগৰাকীয়ে।

প্ৰায় ১১১ বছৰ পূৰ্বে তেওঁ ভাৰতক লৈও কৰিছিল এক বৃহৎ ভৱিষ্যদ্বাণী। তেওঁ দাবী কৰা মতে, ২০২২ চনত ভাৰতত ফৰিঙৰ আক্ৰমণ বৃদ্ধি পোৱাৰ লগতে খাদ্যৰ তীব্ৰ সংকটে দেখা দিব। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি, ২০২২ চনত সমগ্ৰ বিশ্বৰ উষ্ণতা হ্ৰাস পোৱাৰ পিছত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰতে মাৰাত্মক ফৰিঙৰ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে যাৰ ফলত দেশজোৰা দুৰ্ভিক্ষৰ সৃষ্টি হ’ব পাৰে। ভাৰতক লৈ কৰা তেওঁৰ এই ভৱিষ্যদ্বাণী বাস্তৱায়িত হ’বলৈ আৰু দুমাহ বাকী আছে। যাৰ বাবে এই ভৱিষ্যদ্বাণীক লৈ তীব্ৰ চৰ্চা চলিছে।