Local, Vocal, Global

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা অসম আৰক্ষীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত গৈ উপস্থিত হয়।
অসম আৰক্ষীৰ গাৰ্ড অফ অনাৰেৰে সম্ভাষণ জনোৱা পিছত মুখ্যমন্ত্রী গৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে অন্যান্য শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব। অসম আৰক্ষী আৰু মুখ্যমন্ত্রীৰ আজিৰ এই বৈঠকত ৰাজ্যখনক ড্ৰাগছৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষীৰ নাৰ্ক’টিকছ বিভাগ মুকলি কৰাৰ লগতে, বানপানী,আলফাৰ শান্তি আলোচনা আদি বিভিন্ন বিষয়ৰ ওপৰত বিতংকৈ আলোচনা কৰা হ’ব। বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ আৰু কৃষি মন্ত্রী অতুল বৰাই সংগ দিব।