শিক্ষক দিৱসৰ দিনাই ২০২২ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ঘোষণা মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : ঘোষণা হ’ল ২০২২ বৰ্ষৰ গুণোৎসৱৰ ফলাফল। সৰ্বাধিক A+ গ্ৰেড পোৱা বিদ্যালয়ৰে শীৰ্ষত জিলিকিছে শিৱসাগৰ জিলা । আনহাতে, দ্বিতীয় স্থানত নলবাৰী আৰু মাজুলী জিলা
এইবাৰ গুণোৎসৱত ৰাজ্যৰ ৪৫,৭৩৫ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল আৰু ৰাজ্যৰ মুঠ ৪,৮২৬ খন বিদ্যালয়ে পাইছে A+ গ্ৰেড । শিৱসাগৰ জিলাত মুঠ ৫৯১ খন বিদ্যালয়ে পাইছে A+ গ্ৰেড।
কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওৰ লগতে কামৰূপ মহানগৰ জিলাৰো ফলাফলো সন্তোষজনক নহয়।
শিক্ষামন্ত্ৰী হিচাপে এবাৰো ৫ বছৰ সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে নিজকে আটাইতকৈ দুৰ্ভগীয়া শিক্ষামন্ত্ৰী আখ্যা মুখ্যমন্ত্ৰীৰ।
সমালেচনা হ’লেও গুণোৎসৱ চলি থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আনহাতে বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে।